এলন মাস্কৰ হাতলৈ গ’ল টুইটাৰ…

79

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। সোমবাৰে টুইটাৰ আৰু এলন মাস্কৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জানিব পৰা মতে এলন মাস্কে ৪৪ বিলিয়ন ডলাৰত ক্ৰয় কৰে টুইটাৰ। এই চুক্তি টুইটাৰৰ ইণ্ডিপেনডেন্ট বোৰ্ডৰ চেয়াৰমেন ব্ৰেট টেলৰ আৰু এলন মাস্কৰ মাজত হয়।

এলন মাস্কে টুুইটাৰৰ বিনিময়ত ভাৰতীয় মূল্যত প্ৰদান কৰিবলগা হয় ৩,৩৬,৯২৭ কোটি টকা।

এই চুক্তি হোৱাৰ পাছতেই টুইট কৰি এলন মাস্কে কয়, ”মই আশা কৰো মোৰ সবাতোকৈ ডাঙৰ সমালোচকসকলো টুইটাৰত থাকিব। কিয়নো মুক্ত ঠাইৰ অৰ্থ এয়াই।’’