এমাহৰ ভিতৰতে ৰাজ্যবাসীয়ে পাব কোৰোনাৰ ভেকচিন: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ

76

ডিজিটেল ডেস্ক : জনসাধৰনে কেতিয়া পাব কোৰোনাৰ ভেকচিন পাব এই সন্দৰ্ভত মন্তব্য আগবঢ়াই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । এতিয়ালৈকে উত্তৰ প্ৰদেশত কোৰোনা ভাইৰাছত ৫,৬১,১৬১ গৰাকী লোক আক্ৰান্ত হৈছে । ৫৩২,৩৪৯ গৰাকী লোকে আৰোগ্য লাভ কৰিছিছে আনহাতে ৮,০১১ গৰাকী লোকৰ মৃত্যু হৈছে কোৰোনাত । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোৰোনাৰ প্ৰতিষেধক এমাহৰ ভিতৰত পোৱা যাব ।

যোগী আদিত্যনাথে কয় যে “আমি কোৰোনা ভাইৰাছৰ ভেকছিন প্ৰায় এমাহ পিচত পাম । উত্তৰ প্ৰদেশত কোৰোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। মাৰ্কিনৰ দৰে উন্নত দেশত কোৰোনা মৃত্যুৰ হাৰ প্ৰায় 8 শতাংশ, কিন্তু উত্তৰ প্ৰদেশত ই ১.০৪ শতাংশ।”