এবছৰ সম্পূৰ্ণ হল জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তনৰ: কি প্ৰতিক্ৰিয়া দিলে বলিউডৰ পৰিচালকে…

108

ডিজিটেল ডেস্ক:- জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল আৰু বিশেষধিকাৰ কৰ্তনৰ আজি সম্পূৰ্ণ হল এটা বছৰ। ২০১৯ বৰ্ষৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছত দেশজুৰি সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। এফালে বিৰোধীৰ লগতে একাংশই কেন্দ্ৰীয় মোডী চৰকাৰৰ এই সিদ্ধান্ত সংবিধানৰ প্ৰতি চৰম অপমান বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই সমৰ্থন আগবঢ়াইছিল চৰকাৰক। আনহাতে বিশেষাধিকৰ কৰ্তনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তো চচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

শেহতীয়াকৈ বলিউডৰ ছবি পৰিচালক অনিৰেও টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা দেখা গৈছে। পৰিচলকগৰাকীয়ে টুইটত লিখিছে- এই দিনটোক গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষতা আৰু সাংবিধানিক মূল্যবোধৰ ওপৰত এক আক্ৰমণ হিচাপে চিৰদিন মনত ৰখা হব।”

উল্লেখ্য যে বলিউডৰ পৰিচালক অনিৰে ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। তেওঁ “মাই ব্ৰডৰ নিখিল”, “আই এম” আদি ছবি পৰিচালনাৰে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।