যি সময়ত নিচাসক্ত সামগ্ৰী সেৱনেৰে ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী পথভ্ৰষ্ট হৈছে, সেই সময়তে নিচাযুক্ত সামগ্ৰী নিষিদ্ধকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰি এবছৰৰ বাবে ৰাজ্যত সকলো ধৰণৰ গুটখা, পানমছলা আৰু ধপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰে।
ৰাজ্য চৰকাৰৰ জাননী অনুসৰি এবছৰৰ বাবে ৰাজ্যত ধপাত, গুটখা আৰু পানমচলা জাতীয় সকলো সামগ্ৰীৰ প্ৰস্তুত, মজুত, পৰিবহণ, বিতৰণ আৰু বিক্ৰী বন্ধ কৰা হৈছে। সোণোৱাল চৰকাৰৰ এই সিদ্ধান্তক এতিয়া আদৰণি জনাইছে সচেতন মহলে।
