এফালে কোৰোনা, আনফালে সূৰ্য দেৱতাৰ কোপদৃষ্টি! পৰিত্ৰাণ কেতিয়া…

108

গুৱাহাটী:- ২০২০ বৰ্ষটো যেন সকলোৰে বাবে কাল হৈ পৰিছে। এফালে মহামাৰী কোৰোনাই সমগ্ৰ বিশ্বত ভয়াবহ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বিপৰীতে এতিয়া বিগত তিনিদিন উৎকট গৰমে দহিছে ৰাজ্যবাসীক। ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চিন্তা হৈছে ৰাজ্যবাসীৰ । খাও খাও ৰ’দে বাৰুকৈয়ে আমনি দিছে ৰাজ্যবাসীক । এই গৰমৰ পৰা যেন সকলোৱে বিচাৰিছে পৰিত্ৰান । আনকি চলিত ২০২০ বৰ্ষৰ গুৱাহাটীৰ সৰ্বোচ্চ তাপমানে অভিলেখ ভংগ কৰিলে ৩ আগষ্ট অৰ্থাৎ সোমবাৰৰ দিনটোৱে । ৩ আগষ্টত গুৱাহাটীত সৰ্বোচ্চ তাপ মানে চুইছিল গৈ ৩৮.০০ ডিগ্ৰী চেলচিয়াছ । যি তাপমাত্ৰা ২০২০চনত কেতিয়াও হোৱা নাছিল ।

আনহাতে আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰাই চুলে ৩৭.৪ ডিগ্ৰী চেলছিয়াছ । যাৰ ফলত যোৱাকালিৰ লগতে আজিও বহু গৰম অনুভৱ কৰে ৰাজ্যবাসীয়ে । এই গৰমৰ কাৰণ বংগ সাগৰত থকা নিম্মবায়ুৰ চাপ সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৭ কিলোমিটাৰ ওপৰেৰে বৈ থকা হেতুকে হোৱা বুলি জানিব পৰা গৈছে ।

অহা ৫ আগষ্ট অৰ্থাৎ কাইলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা । অৱশ্যে অসম-মেঘালয়ৰ কিছু-কিছু ঠাইত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণ অহাৰ সম্ভৱনা আছে । আগন্তুক ৫ আৰু ৬ আগষ্টত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । যাৰ ফলত গুৱাহাটী তথা অসমৰ ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাব । এই তথ্য সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।