এন ডি আৰ এফৰ উদ্যোগত পশ্চিম গুৱাহাটীত ছাত্র-ছাত্ৰীৰ মাজত কভিড সজাগতা কাৰ্যসূচী

71

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এন ডি আৰ এফ ) উদ্যোগত পশ্চিম গুৱাহাটীৰ ৰাণী হাইস্কুলত ১৫ অক্টোবৰত ছাত্র-ছাত্ৰীৰ মাজত এক কভিড সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় ।

প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেন্ট ৰণধীৰ সিং গীলৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত বাহিনীটোৰ বিষয়া-জোৱান সকলে ছাত্র- ছাত্ৰী সকলক কভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হলে হাত ধোঁৱা , সামাজিক দূৰত্ব বজাই ৰখা , মাস্ক পৰিধান কৰা , চেনীটাইজৰ ব্যৱহাৰ , জন সমাগম এৰাই চলাকে ধৰি কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কৌশল সমূহ প্ৰদৰ্শন কৰে ।

কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে কভিড বিধি সমূহ মানি ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ত পাঠদানত মনোনিবেশ কৰিবলৈ আহ্বান জনায় । কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে ।