ষ্টাফৰিপৰ্টাৰ, ২১ জুন : এইবাৰ এন কে প্ৰডাকচনৰ নৱতম সংযোজন এন কে বিগ ষ্টাৰ প্ৰাইভেট লিমিটেড মোবাইল এপ। দেওবাৰে গুৱাহাটীৰ কাহিলীপাৰাত এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে।এই নতুন এপটোৰ যোগেৰে দুশৰো অধিক অসমীয়া চিনেমা, অডিঅ’–ভিডিঅ গীতৰ লগতে ভিন্নধৰ্মী ৱেব ছিৰিজ উপভোগ কৰিব পাৰিব।উল্লেখযোগ্য যে,এই মোবাইল এপটোত উপলদ্ধ হ’ব জানমণি ২০২০ অসমীয়া চলচ্চিত্ৰ আৰু জানমণি ৱেব ছিৰিজ।কৰ’না ভাইৰাছৰ বাবে বৰ্তমান স্কুল–কলেজৰ লগতে ছবিগৃহসমূহো বন্ধ হৈ আছে।গতিকে এনে এক জটিল সময়ত এন কে প্ৰডাকচনে এই ভাল পদক্ষেপ হাতত ল’লে।
