এনিশাৰ বাবে আজি স্বগৃহলৈ লাভলীনা বৰগোঁহাই

88

আজি স্বগৃহলৈ আহিব লাভলীনা। প্ৰশিক্ষণ আৰু টকিঅ’ অলিম্পিকত অংশগ্ৰহণৰ বাবে সম্পূৰ্ণ এটা বছৰ নিজৰ মৰমৰ ঘৰখনৰ পৰা দূৰৈত থকাৰ পিছত আজি মাত্ৰ এটা নিশাৰ বাবে ঘৰলৈ আহিব বজ্রকণ্যা লাভলীনা বৰগোঁহাই। লাভলীনাৰ আগমনক লৈ বৰপথাৰত দেখা পোৱা গৈছে ব্যাপক উচাহ।

ৰাজ্যিক অতিথিৰ সন্মানেৰে পিতৃসহিতে ডিমাপুৰৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত তাৰ পৰাই গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰলৈ যাব লাভলীনা। আজিৰ নিশাটো তেওঁ বৰপথাৰৰ ঘৰত কটাই ১৮ আগষ্টত পুনৰ তেওঁ উৰা মাৰিব লক্ষ্ণৌ অভিমুখে। তাত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব।