এনচিবিৰ কাৰ্যায়লত উপস্থিত হবলৈ সময় বিচাৰিছে অৰ্জুন ৰামপালে…

84

ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এনচিবিয়ে জাৰি কৰা চমন অস্বীকাৰ কৰিছে অভিনেতা অৰ্জুন ৰামপালে। এনচিবিয়ে বুধবাৰে অভিনেতাজনক কাৰ্যালয়ত উপস্থিত হৈ সোধা-পোছাত সহযোগ কৰিবলৈ নিৰ্দেশ দিছিল যদিও অৰ্জুন ৰামপালে সেই দিনটোত উপস্থিত থাকিবলৈ অসমৰ্থতা প্ৰকাশ কৰিছে। তেওঁ ২২ ডিচেম্বৰলৈ সময় বিচাৰিছে তদন্তকাৰী সংস্থাটোক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৩ নবেম্বৰত এনচিবিয়ে দীঘলীয়া সোধা-পোছা কৰিছিল অভিনেতা অৰ্জুন ৰামপালক। এনচিবিয়ে অভিনেতাজনৰ ঘৰত সন্দেহজনক নিচাযুক্ত ঔষধ পাইছিল। সোধ-পোচত বলিউড অভিনেতা ডাক্তৰৰ উপদেশত সেয়া গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল আৰু ইয়াৰ প্ৰেছক্ৰিপছন এনচিবিক দেখুৱাইছিল যদিও সেয়া গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নাছিল সংস্থাটোৱে।

সেই সোধ-পোচত অভিনেতাজনৰ সন্দৰ্ভত কিছু খেলিমেলিৰ অৱকাশ দেখিয়েই পুনৰ চমন প্ৰেৰণ কৰা হৈছিল অভিনেতাজনলৈ।