ইজৰাইল আৰু হামাছৰ মাজত আৰম্ভ হোৱা যুদ্ধখন অধিক ভয়াবহ হৈ পৰিছে। ইজৰাইলে হামাছৰ নিয়ন্ত্ৰণাধীন গাজা ষ্ট্ৰিপক ধাৰাসাৰ আক্ৰমণ চলাবলৈ ধৰিছে। ইজৰাইল সামৰিক বাহিনীয়ে কৈছে যে ইজৰাইল আৰু গাজা ষ্ট্ৰিপৰ চাৰিওফালৰ অঞ্চলত ১,৫০০ হামাছ সন্ত্ৰাসবাদী নিহত হৈছে। মৃতদেহসমূহ ইজৰাইল আৰু গাজা ষ্ট্ৰিপৰ চাৰিওফালৰ পৰা উদ্ধাৰ কৰিছে ইজৰাইলী সেনাই। সেনাৰ মুখপাত্ৰ ৰিচাৰ্ড হেটে কয় যে গাজাৰ চাৰিওফালৰ অঞ্চলত বাস কৰা সকলো ইজৰাইলীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে। স্থানীয় বিষয়াসকলৰ মতে, শনিবাৰৰ পৰা গাজাত প্ৰায় ৭০০ জন লোকৰ মৃত্যু হৈছে। ইজৰাইলে গাজাত বিদ্যুৎ, পানী, খাদ্য আৰু ইন্ধনৰ যোগান বন্ধ কৰি সম্পূৰ্ণ অৱৰোধ জাৰি কৰিছে। শনিবাৰে পুৱা হামাছে ইজৰাইলত আক্ৰমণ চলোৱাৰ পিছত ইজৰাইলে গাজালৈ খাদ্য আৰু ঔষধকে ধৰি সকলো জৰুৰীকালীন সামগ্ৰীৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। বিষয়াসকলে কৈছে যে যদি যোগানৰ অনুমতি দিয়া নহয় তেন্তে গাজা ষ্ট্ৰিপ এক নতুন মানৱীয় সংকটৰ সন্মুখীন হ’ব।
গাজাত বাস কৰা লোকসকলে কয় যে এনে বৃহৎ পৰিমাণৰ হিংসা আগতে কেতিয়াও দেখা পোৱা নাছিল।
