বাইকত এতিয়া কেৱল চালকজনেই নহয়, আৰোহীয়েও পিন্ধিব লাগিব হেলমেট। হেলমেট পৰিধানক লৈ কঠোৰ হৈছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী আৰু খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাইকত দুয়ো আৰোহীয়ে হেলমেট পৰিধান নকৰিলে জৰিমনা বিহাৰো ব্যৱস্থা কৰা হৈছে।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিতৌ সংঘটিত পথ দুৰ্ঘটনা আৰু যুৱকৰ মৃত্যু প্ৰতিৰোধৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে এইবাৰ ৩১ ডিচেম্বৰত এজন ব্যক্তিৰো বাইক দুৰ্ঘটনাত মৃত্যু হবলৈ নিদিয়ে বুলি পন লয় মুখ্যমন্ত্ৰীয়ে।
