এতিয়াৰে পৰা গাড়ীৰ খিৰিকিত ক’লা নেট ব্যৱহাৰ কৰিলেও ভৰিব লাগিব জৰিমণা…

259

গাড়ীৰ খিৰিকীত ক’লা ৰং ব্যৱহাৰ কৰাটো বহুদিনৰ পৰা নিষিদ্ধ হৈ আছিল যদিও কিছুমান ক’লা অস্বচ্ছ নেটৰ ব্যৱহাৰ মানুহৰ বাবে বিকল্প হৈ পৰিছিল।

মঙলবাৰে এই কথা লক্ষ্য কৰি অসম আৰক্ষীয়ে স্পষ্ট কৰি দি নেট ব্যৱহাৰো নিষিদ্ধ কৰে।

অসম আৰক্ষীয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে জনোৱা মতে, এনে কোনো নেট বা ৰং ব্যৱহাৰ কৰিলে জৰিমণা ভৰিবলগীয়া হব পাৰে।

টুইটাৰত অসম আৰক্ষীয়ে লিখিছে- “ব্লেক ইজ ব্লেক, যিয়েই নহওক! পৰ্যবেক্ষণ কৰা হৈছে যে কিছুমান লোকে গাড়ীৰ গ্লাচত ক’লা ৰঙৰ ঠাইত ক’লা নেট ব্যৱহাৰ কৰি আছে। আমি পুনৰ ক’ব বিচাৰো যে বাহনত ব্লেক ফিল্ম বা ব্লেক নেটৰ ব্যৱহাৰ, দুয়োটাৰ বাবে জৰিমণা ভৰিব লাগিব পাৰে।’

উল্লেখযোগ্য যে ২০১২ চনত ভাৰতত উচ্চতম ন্যায়ালয়ে অটোম’বাইলৰ খিৰিকীত টিণ্ট আৰু ছান ফিল্ম ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰিছিল।

চলন্ত অটোম’বাইলত সংঘটিত হোৱা অত্যধিক সংখ্যক অপৰাধমূলক দুৰ্ঘটনাৰ পিছত যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰি এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল।