এতিয়াৰে পৰা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়েও ইংৰজীত পঢ়িব লাগিব গণিত আৰু সাধাৰণ বিজ্ঞান

191

অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ খবৰ।

এতিয়াৰে পৰা অসমীয়া মাধ্যমৰো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীতে পঢ়িব লাগিব গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়।

এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত শিক্ষা বিভাগৰ।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলকো অদূৰ ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ প্ৰয়োজন হৈছে। যাৰ বাবে গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে।

৬টা মূল বিষয়ৰ ভিতৰত গণিত আৰু সাধাৰণ বিজ্ঞান ইংৰাজীত পঢ়িব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। তাৰ বিপৰীতে সমাজ বিজ্ঞান পূৰ্বৰ দৰেই অসমীয়া ভাষাত পঢ়িব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে।