এটিএম চুৰিত মাজগাঁৱৰ কমল গগৈ

67

এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ সংঘটিত হ’ল গহপুৰত।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত গহপুৰত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা অসম আৰক্ষীৰ এই এনকাউণ্টাৰত কমল গগৈ(৩১) নামৰ এগৰাকী দুৰ্ধষ অপৰাধী গুলীবিদ্ধ হৈছে।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও নিবাসী বাবুল গগৈৰ পুত্ৰ কমল গগৈ এটিএম চুৰি কাৰ্য্যৰ লগত জড়িত বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন কলাবাৰী চেণ্টাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমৰ লকাৰ ভাঙি যোৱা ২০ ফ্ৰেব্ৰুৱাৰীৰ নিশা কেইবালাখ টকা চুৰি কৰি নিছিল এটা বৃহৎ চুৰি চক্ৰই।এই চুৰি কাৰ্য্য সন্দৰ্ভত আৰক্ষীয়ে চলোৱা যাবতীয় তদন্ত আৰু অনুসন্ধানত পুৰ্বৰ পৰা বিভিন্ন অপৰাধৰ লগত জড়িত কমল গগৈৰ নেতৃত্বতে উক্ত এটিএম চুৰি হোৱা বুলি তথ্য-প্ৰমাণ শেহতীয়াভাবে পোহৰলৈ আহে।