বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ সংঘটিত হৈছে ৩ টাকৈ এনকাউন্টাৰৰ ঘটনা। মৰিগাঁও, কৰিমগঞ্জৰ পিছত এইবাৰ আকৌ কাজিৰঙাত সংঘটিত হয় এনকাউণ্টাৰ।
মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলাম আৰু আন দুগৰাকী ব্যক্তিৰ পৰা প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল মৰিগাঁৱ আৰক্ষীয়ে। আটক ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলামে পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে। লাহৰিঘাট আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ৩৯০ গ্ৰাম হিৰ’ইন সহ গ্ৰেপ্তাৰ হৈছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ জেহৰুল।
আনহাতে, কৰিমগঞ্জতো নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ প্ৰায় ২.২৭৫ কিলোগ্ৰাম হেৰোইন। ১৭৫টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন। ঘটনা সন্দৰ্ভত চাৰিজন লোকক আটক কৰিছে আৰক্ষীয়ে।
মৰিগাঁও, কৰিমগঞ্জৰ পিছত কাজিৰঙাত ধন দাবী কৰা দুৰ্বৃত্তৰ ওপৰত গুলীচালনা কৰে আৰক্ষীয়ে। অসম জাতীয় সেনাৰ নামত কাজিৰঙাৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰা আকিদুৰ ৰহমানলৈ গুলী চালনা আৰক্ষীৰ। দাবী কৰা ধন নিবলৈ আহোতে চলিছিল অভিযান আৰু এই অভিযানত অভিযুক্তৰ বাহনলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আকিদুৰ ৰহমানৰ লগত থকা আন দুজন সহযোগী। পুৱতি নিশাৰ দুয়োজন সহযোগীকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
