এটা কুকুৰা আৰু ৰঙা ফোল বটলৰ বিনিময়তহে অতি দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড!

382


“কুকুৰা খুৱাবি”, “ৰঙা খুৱাবি ফুল বটল,”মই তোক ৰেচন কাৰ্ড বনাই দিম!

আশ্চৰ্যকৰ এক ভাষ্য

এটা কুকুৰা আৰু ৰঙা ফোলৰ বিনিময়তহে অতি দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড।

যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগতে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ অন্ন গড়ীব যোজনাৰ নামত ৰাজ্যৰ একাংশ দালালৰূপী সমবায় সমিতিৰ এজেন্টে সংঘটিত কৰি আহিছে বিয়াগোম কেলেংকাৰীৰ।সমবায় সমিতিৰ তাৰেই এক ফোঁপোলা স্বৰূপ উদঙালে একাংশ ভুক্তভোগী ৰাইজে। ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ সমবায় সমিতিৰ সামগ্ৰী সময় মতে লাভ নকৰা একাংশ ডিব্ৰুগড়ৰ লৰুৱা মৌজাৰ হিতাধিকাৰীৰ মনৰ ক্ষোভ ব্যক্ত কৰিলে সাংবাদিকৰ সম্মুখত।ডিব্ৰুগড় জিলাৰ লৰুৱা সমৱায় সমিতিৰ বিনৈগুটিয়া গাওঁৰ এজেন্ট সুনীল ধানৰ কৰ্মকাণ্ডই এতিয়া বিমোৰত পেলাইছে ৰাইজক।দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ বাবে অহা চাউল এজেন্ট জনে আত্মসাৎ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে।এই সন্দৰ্ভত বৃহস্পতি বাৰে বিনয়গুটিয়া প্ৰাথমিক বিদ্যালয়ত ভুক্তভোগী ৰাইজে গাওঁবুঢ়াক সভাপতি হিচাবে লৈ এক ৰাইজমেলৰ আয়োজন কৰে।লগতে চৰকাৰে দিয়া প্ৰাপ্য দিব লাগিব, আমাৰ প্ৰাপ্য কোনেও বিচ্ছিন্ন কৰিব নোৱাৰে আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে সুলভ মূল্যৰ এজেণ্ট জনক অতি শীঘ্ৰে বহিষ্কাৰ কৰাৰো দাবী উত্থাপন কৰে।