এটাৰ পিছত আনটো দায়িত্বজ্ঞানহীন কাণ্ড পোহৰলৈ আহিছে অইল ইণ্ডিয়া লিমিটেডৰ

64

এটাৰ পিছত আনটো দায়িত্বজ্ঞানহীন কাণ্ড পোহৰলৈ আহিছে অইল ইণ্ডিয়া লিমিটেডৰ। বিগত বৰ্ষৰ ২৭ মে’ত সংঘটিত হোৱা গেছ নিৰ্গত ঘটনাই দেশজুৰি তোলপাৰ লগাইছিল। অইলৰ ইণ্ডিয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল বিভিন্ন অভিযোগ। সেই ঘটনা মাৰ নৌযাওতেই পুনৰ অইলৰ অভিযন্তা অপহৃত ঘটনাই উদঙাইছিল অইলৰ ফোপোলা স্বৰূপ। মুঠতে এটা এৰি আনটো লেঠাই লগ নেৰা হৈছে অইল ইণ্ডিয়াক।

এইবাৰ অইল ইণ্ডিয়া লিমিটেডে পুনৰ প্ৰমাণিত কৰিলে তেওঁলোকৰ টোগলকী কাণ্ড। কোনোধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ হাতীগাঁৱৰ নটবমা হাউছফেড কমপ্লেক্সৰ নিকটৱৰ্তী এলেকাত অইলৰ পাইপ বহুৱাবলৈ পথ অৱৰোধ কৰে।

পাইপ বহুৱাবলৈ যিটো পথ তেওঁলোকে অৱৰোধ কৰে এই পথটোৰে দৈনন্দিন প্ৰায় ২৫খনকৈ স্কুল বাছ অহা-যোৱা কৰে। লগতে সচিবালয়সহ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াই অইলৰ এই কাণ্ডক দায়িত্বজ্ঞানহীন কাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।