এগৰাকী চৰ্চিত কিশোৰী

254

‘এলেক্সা’ৰ জৰিয়তে নিজকে বান্দৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা নিকিতা সম্প্ৰতি চৰ্চাত। উত্তৰ প্ৰদেশৰ ১৩ বছৰীয়া কিশোৰী নিকিতাক চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আনন্দ মহিন্দ্ৰাৰ। নিজৰ বুদ্ধিমত্তা আৰু প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে বান্দৰৰ আক্ৰমণৰ পৰা নিজৰ লগতে ভতিজাকক ৰক্ষা কৰিলে কিশোৰীগৰাকীয়ে। নিকিতাৰ এই কাৰ্যক প্ৰশংসা কৰিছে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই। নিকিতাৰ শিক্ষা সমাপ্ত হোৱাৰ পাছতেই তেওঁক মহিন্দ্ৰা গ্ৰুপত নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে আনন্দ মহিন্দ্ৰাই।