একে নিশাই ৰাজ্যত আন এক এনকাউণ্টাৰ, বিকিৰ পিছত লালপানীত শিশু ধৰ্ষণকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু

101

একে নিশাই ৰাজ্যত আন এক এনকাউণ্টাৰ।

মাজবাটৰ লালপানীত আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণ-হত্যাকাৰী ৰাজেশ মুণ্ডা।

মঙলবাৰে নিশা প্ৰায় ১ বজাত লালপানী আৰু মাজবাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৰাজেশ মুণ্ডাক।

১১ মাৰ্চত পুৱা ধনশ্ৰী চাহ বাগিছাৰ শ্মশানত উদ্ধাৰ হৈছিল ৭ বছৰীয়া ৰীনা মুণ্ডাৰ মৃতদেহ।

১০ মাৰ্চত ওচৰৰে বিবাহ অনুষ্ঠানলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈছিল শিশুটি।

শিশুটি ধৰ্ষণৰ পিছত হত্যা কৰি পেলাই থৈ গৈছিল ৰাজেশ মুণ্ডাই।

শিশুটিক হত্যা কৰিয়েই পলায়ন কৰিছিল অভিযুক্তজনে।

চাংসাৰীৰ এটা লোহা ফেক্টৰীত আত্মগোপন কৰি আছিল ৰাজেশে।

কিন্তু মঙলবাৰে মাজবাট আৰু লালপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক।

পিছত নিশা ঘটনাস্থলীলৈ নি থকাৰ সময়তে আৰক্ষীৰ বাহনৰ পৰা নামি পলায়নৰ চেষ্টা কৰে ৰাজেশ মুণ্ডাই।

যাৰ পৰিণতিত আৰক্ষীৰ গুলীত মৃত্যু ঘটে অভিযুক্তজনৰ।

একে নিশাই গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূখ্য অভিযুক্ত বিকি আলীৰো মৃত্যু ঘটে এনকাউণ্টাৰত।

দামপুৰ পাহাৰৰ পৰা গুৱাহাটীলৈ নি থকাৰ সময়ত পলায়নৰ চেষ্টা কৰোতেই চলাই আৰক্ষীয়ে গুলী।

আৰক্ষীৰ ৪ জাই গুলীয়ে থকাসৰকা কৰে বিকি আলীৰ শৰীৰ, যাৰ ফলত ঘটনাস্থলীতে ঘটে মৃত্যু।