নাৰী শক্তিক লৈ যিমানেই চৰকাৰে ঢাক ঢোল নবজাওক কিয়, বাস্তৱক্ষেত্ৰত ভাৰতৰ নাৰী নিৰ্যাতনৰ ঘটনাই অভিলেখ সৃষ্টি কৰি আহিছে। অসমতো নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাটো হৈ পৰিছে এক উদ্বেগৰ বিষয়। ২০২০ চনৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ পৰিসংখ্যা অনুসৰি অসমত একেৰাহে চতুৰ্থ বছৰৰ বাবে দেশৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক।
এনচিআৰবিৰ অপৰাধ ইন ইণ্ডিয়া ৰিপৰ্ট,২০২০ অনুসৰি অসমত দেশৰ ভিতৰত তৃতীয় সৰ্বাধিক ধৰ্ষণ আৰু হত্যাৰ ঘটনা নথিভুক্ত হৈছে। উল্লেখ্য যে, ভাৰতত অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাত গণনা কৰা হয়।
বুধবাৰে প্ৰকাশ কৰা এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ হৈছে ১৫৪.৩। লক্ষণীয়ভাৱে এয়া ৰাষ্ট্ৰীয় ৫৬.৫ হাৰতকৈও অধিক। এই প্ৰতিবেদন অনুসৰি, উৰিষ্যা ১১২.৯ হাৰত দ্বিতীয় আৰু দিল্লী ১০৬.৪ হাৰত নাৰীৰ বিৰুদ্ধে অপৰাধত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে।
উল্লেখ্য যে, ২০১৭ চনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩.৩, ২০১৮ চনত আছিল ১৬৬ আৰু ২০১৯ চনত এই হাৰ আছিল ১৭৭।
২০১৮, ২০১৯ আৰু ২০২০ চনৰ পৰা অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ হৈছে ক্ৰমে ২৭৬৮৭, ৩০,০২৫ আৰু ২৬৩৫২ টা।
২০২০ চনত অসমত ধৰ্ষণ আৰু হত্যাৰ ২৬টা ঘটনা নথিভুক্ত কৰা হৈছিল, যি হৈছে উত্তৰ প্ৰদেশ (৩১) আৰু মধ্য প্ৰদেশ (২৭)ৰ পিছত দেশৰ তৃতীয় সৰ্বাধিক সংখ্যা।
প্ৰতিবেদন অনুসৰি, ২০২০চনত ভাৰতত মুঠ ৬৬,০১,২৮৫টা অপৰাধ পঞ্জীয়ন কৰা হৈছে। য’ত ৪২,৫৪,২৫৬টা ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ আৰু ২৩,৪৬,৯২৯ টা বিশেষ আৰু স্থানীয় আইন (এছএলএল)ৰ অধীনত ৰুজু কৰা হৈছে। ২০১৯ বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত ২৮ শতাংশ নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ বৃদ্ধি পাইছে।
