একেৰাহে চতুৰ্থখন খেলত জয়লাভেৰে আইপিএল-২০২১ৰ পইণ্ট তালিকাৰ শীৰ্ষত RCB

101

এয়া যেন আছিল এক সহজ জয়। দুৰ্দান্ত গতিত বেট চলিছিল পাণ্ডিকাল আৰু কোহলীৰ। যাৰ বাবে ১৬ অভাৰ ৩ টা বলতে খেলৰ সামৰণি মাৰিবলৈ সক্ষম হৈছিল কোহলী বাহিনীয়ে। হয়, আমি কৈ আছো কালি অনুষ্ঠিত হৈ যোৱা আইপিএল-2021ৰ ১৬ সংখ্যক খেলখনৰ কথা। য’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ১০ উইকেটত বিজয়ী সাব্যস্ত কৰে ৰয়েলছ চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

খেলখনত প্ৰথমে বেটিং কৰি ৯ উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত ১৭৮ ৰানৰ লক্ষ্য বান্ধি দিছিল ৰাজস্থান ৰয়েলছে। কিন্তু এই লক্ষ্য যেন তেনেই সহজ আছিল আৰচিবিৰ বাবে। দেৱদত্ত পাণ্ডিকালৰ সৈতে অপেনিং কৰিবলৈ আহি অধিয়ানক কোহলীয়ে ১৭ নম্বৰ অভাৰতে লক্ষ্য পাৰ কৰে। ১৯৪ৰ বিস্ফোৰক ষ্ট্ৰাইক ৰেটেৰে কালি চলিত আইপিএল চিজনৰ প্ৰথমটো শতক অৰ্জন কৰিলে দেৱদত্ত পাণ্ডিকালে। কোহলীৰ নটআউট চেভেন্টি টু।

ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত জয়লাভেৰে আইপিএল-২০২১ত একেৰাহে চতুৰ্থখন মেচত জিকি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰচিবি। এইবাৰ যেন অপ্ৰতিৰোধ্য কোহলী সেনা।

তেনে এখন ৰোমাঞ্চকৰ খেলেই আজি অনুষ্ঠিত হব এম এ চিদাম্বৰম ষ্টেডিয়ামত। সন্ধিয়া ৭.৩০ বজাত আজি খেলৰ ৰণাংগনত পঞ্জাৱ কিংগছ বনাম মুম্বাই ইণ্ডিয়ানছ। এফালে যদি কিলাৰ ৰাহুল, আনফালে হিটমেন ৰোহিত। এফালে যদি দ্য ইউনিভাৰ্ছ বছ, তেন্তে আনফালে কাইৰণ পোলাৰ্ড। মুঠতে দুটা শক্তিশালী দলৰ মাজৰ এই যুঁজে ৰোমাঞ্চকৰ তুলিব আজিৰ সন্ধিয়া।