একবিংশ শতিকাৰ এই দশকত নতুন ৰীতি-নীতিৰ আগবাঢ়িব লাগিব দেশবাসী, এতিয়া সাধাৰণ কাম কৰাৰ সময় নহয়ঃ প্ৰধানমন্ত্ৰী মোডী

74

ডিজিটেল ডেস্কঃ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি আজি দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত আত্মনিৰ্ভৰশীল ভাৰত, ডিজিটেল ইণ্ডিয়া, কোৰোনা প্ৰতিষেধক আদি বিষয়ৰ লগতে ভালেকেইটা বিষয়ে স্থান পায়।

ইফালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত দেশৰ উন্নয়ন সম্পৰ্কত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজি দেশ দ্ৰুত গতিত উন্নয়নৰ দিশে আগবাঢ়িছে। বিগত ৫ বছৰত দেশে উন্নয়নৰ ভেটি মজবুত কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘যোৱা এটা বছৰৰ ভিতৰতে দেশে অনেক মহত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, অনেক কঠিন পৰিস্থিতি পাৰ কৰিছে। যোৱা ৫ বছৰত দেশবাসীৰ উন্নয়নৰ ভেটি গঢ়াৰ বাবে আছিল, এতিয়া অনাগত ৫ বছৰ দেশবাসীৰ সপোন পূৰ্ণ কৰিবৰ বাবে হ’ব।’

আনহাতে আজিৰ ভাৰতে অসম্ভৱ পৰিস্থিতিৰ মাজতো বহু কাৰ্য সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ দেশবাসীক এই ইচ্ছাশক্তিকে সৰোগত কৰি আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ কয়, ‘২০২০ বৰ্ষত আমি স্বাধীনতাৰ ৭৫ বৰ্ষপুতি পালন কৰিম। এতিয়া দেশবাসীৰ প্ৰকৃত স্বাধীনতাৰ সময় সমাগত।’ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘একবিংশ শতিকাৰ এই দশকটোত ভাৰতবাসীয়ে এক নতুন নীতি আৰু ৰীতিৰ সৈতে আগবাঢ়িব লাগিব। এতিয়া সাধাৰণ কাম কৰিলে নহ’ব।’