একক সংখ্যাগৰিষ্ঠতা গণতন্ত্ৰৰ প্ৰতি ভাবুকি

176
সময় অনুযায়ী সকলো বস্তুৰ পৰিবৰ্ত্তন হয় ৷ সৰু গছ এজোপা ডাঙৰ হয় ৷ কলিধৰা আমটো পকে ৷ মানুহো সময়ৰ সতে আগবাঢ়ি বুঢ়া হয় ৷ চাইকেল গৈ উৰাজাহাজ আহে ৷ দুৰন্ত গতি ৷ চাইকেল চলাই এদিনত আমেৰিকা পাব নোৱাৰি ৷ সময় সলনি হয় ৷ কিন্তু সলনি নহয় মানুহৰ ৰাজনৈতিক মানসিকতা ৷ মানুহে একক সংখ্যাগৰিষ্ঠ চৰকাৰ বিচাৰে ৷ কাৰণ- একক সংখ্যাগৰিষ্ঠ চৰকাৰ হ’লে ভাল ৷ ওলোমা চৰকাৰ হ’লে থৰক-বৰক হ’ব ৷ আকৌ নিৰ্বাচন পাতিব লাগিব ৷ কোটিৰ ঘৰত চৰকাৰী ধন অপচয় হ’ব ৷ এইয়াই মানুহৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰৰ সপক্ষে যুক্তি ৷ মানুহৰ মনত এই ধাৰণাবোৰে এনেকৈ গঢ় ল’লে যে, এতিয়া সকলোৰে ডিঙিত বজাৰৰ আকাশলঙ্ঘী দামৰ ফাঁচীৰ ৰচী এডাল ওলোমাই দিলেও, মানুহে ভগা ভগা মাতেৰে ক’ব - WE NEED A GOVERNMENT OF ABSOLUTE MAJORITY . ইছ ইছ ইছ !!! কি হ’ব এইখন দেশৰ নাগৰিকৰ ৷ সকলো ফালে কেৱল জৰৌৰৌৱা অৱস্থা ৷ ৰেল, উৰাজাহাজ ,বেঙ্ক ,উদ্যোগ, কৃষি , হাবি বননি সব বেছি শেষ ৷ গুজৰাটী বেপাৰীয়ে দেশ বেছিলে ৷ ৭০ বছৰে কংগ্ৰেছে কৰিব নোৱাৰা পৰিবৰ্ত্তন কৰি, বিজেপিয়ে ভাল দিন দেখুৱাই দিলে ৷ ইয়াৰ পাছতো এচামৰ মুখত কেৱল বিজেপি ৷ এজন বিজেপি প্ৰেমী ব্যক্তিক সুধিলো- 

১৷ বস্তুৰ দাম ইমান বাঢ়িছে ৷

উ: হয় দেই ৷ এই চৰকাৰখনে বৰ দাম বঢ়াইছে ৷ মানুহ মাৰি পেলাব ৷

২৷ ৰেল বেঙ্ক ব্যক্তিগতকৰণ হ’ল ৷

উ: নক’ব আৰু ৷ মোৰ ভিনদেউৰ ৫০ বছৰ পাৰ হ’ল ৷ চেন্ট্ৰেলৰ চাকৰি কৰি কি আৰামত আছিল ৷ এই সনাহী কেইটাই এতিয়া ৰিটায়াৰমেন্ট দিব বোলে ৷ ইমান খং উঠিছে ৷

৩৷ চাকৰি বাকৰিও নাই দেখিছেনে ?

উ: নক’ব আৰু ৷ মোৰ ভাইটিটো ইঞ্জিনিয়াৰ ৷ কিমান যে টকা খৰচ কৰিছে ইন্টাৰভিউৰ চালান কাটি ৷ পিছে ইন্টাৰভিউ নাপাতেই ৷ খালি এডভাৰ্টাইজ দি চালানত টকা লয় ৷

৪৷ কৰোনায়ো তিতা লগাইছে আৰু দেই ৷

উ: কিনো ক’ম ! চৰকাৰে ভালেই কৰিছে ৷ বেমাৰত মৰিব নোৱাৰি দেই ৷ সোনকালে ভাল হোৱা হ’লে ভাল আছিল ৷ আমাৰজনৰ প্ৰাইভেট চাকৰি ৷ কোম্পানীৰ বোলে লষ্ট হৈছে ৷ তিনিমাহ হ’ল তেওঁ ঘৰতে বহি আছে ৷ কোম্পানীয়ে এৰি দিলে ৷ নতুন চাকৰিও নাই ৷

৫৷ এইবাৰ বিজেপিক ভোট দিবনে ?

উ: দিম দিম ৷ বিজেপিকে দিম ৷

৬৷ ইমানৰ পাছতো ?

উ: অঁ, এই মিঞাসোপাৰ আহ-যাহত মোৰ পদূলিত ওলাবই নোৱাৰি ৷ আমাৰ ঘৰৰ আশে পাশে গোটেই মিঞাখন ৷ বিজেপিয়ে ইহঁতক খেদাব নহয় ৷ সেইবাবেই বিজেপিক ভোট দিম ৷ আমাৰ হিন্দু সৰহ হ’ব লাগে ৷ এই মুছলমানসোপা চক্কুপাৰি দেখিব মন নাযায় ৷ খাবলৈ নেপায় মৰিলেও গেদাসোপাক বেয়া পোৱা বিজেপিকহে ভোট দিম ৷

শিক্ষিত মুৰ্খ মানুহগৰাকীক বিদায় দিলো ৷ তেওঁ হেনো এম এ পাছ ৷  এই শ্ৰেণীৰ মানুহবোৰৰ হাততেই আমাৰ নিৰ্বাচন ৷ আমি সদায় সংখ্যাগৰিষ্ঠতাত জোৰ দিওঁ ৷ এই সংখ্যাগৰিষ্ঠতাৰ বাবেই জিকাৰ পাছত আপোনাৰ, মোৰ সংবিধান প্ৰদত্ত অধিকাৰবোৰ সিহঁতৰ হাতৰ মুঠিত বন্দী হৈ পৰে ৷ গণতন্ত্ৰত - Majority must be granted but minority should be protected . কিন্তু এইয়া কিমান প্ৰযোজ্য ? কালি সংসদত আঠজন বিৰোধী সাংসদৰ নিলম্বনেই তাৰ উৎকৃষ্ট উদাহৰণ ৷ সংখ্যাগৰিষ্ঠ কৌৰৱৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই, সংখ্যালঘিষ্ঠ পাণ্ডৱক সংসদৰ পৰা গেটআউট ৷ আমি নিৰ্বাচন কৰি পঠোৱা সাংসদক, আমাৰ টকাৰে চলা সংসদৰ পৰা আউট কৰি দিয়াৰ অধিকাৰ তেওঁলোকক কোনে দিলে ? তাৰমানে সংসদখন কেৱল সংখ্যাগৰিষ্ঠৰ একচেতীয়া সম্পদ ? যদি কংগ্ৰেছে অভব্য আচৰণ কৰিছিল, অসাংবিধানিক ব্যৱহাৰ কৰিছিল, তেন্তে তাৰ বাবে ফাইন নভৰালে কিয় ? ফাইন কাটিলে তেওঁলোকৰ পকেটৰ পৰা যাব ৷ কিন্তু নিলম্বন কৰিলে ৰাইজৰ হৈ ভদ্ৰভাবে মাত মতাৰ অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হ’ব ৷ তেওঁলোকক নিলম্বন কৰা কামটোৱে, কেৱল কংগ্ৰেছ সাংসদ কেইজনক বঞ্চিত কৰা নাই ৷ সংসদৰ গুৰুত্বপূৰ্ণ আলোচনাত অংশ লোৱাৰ পৰা একোটা লোকসভা সমষ্টিক বঞ্চিত কৰিছে, যিটো অসাংবিধানিক ৷ সংসদৰ সকলো অধিবেশনত, সকলো ভাৰতীয়ৰ অংশগ্ৰহন সংবিধান প্ৰদত্ত অধিকাৰ ৷ ইয়াৰ বাবে একোটা লোকসভা সমষ্টিৰ পৰা একোজন প্ৰতিনিধি পঠোৱা হয় ৷ আৰু সেই প্ৰতিনিধিজনে একোটা সমষ্টিৰ ৰাইজৰ হৈ মাত মাতে ৷ এই অধিকাৰৰ পৰা ভাৰতবৰ্ষৰ আঠটা লোকসভা সমষ্টিক বঞ্চিত কৰাৰ নৈতিক অধিকাৰ অধ্যক্ষৰ নাই ৷ ইয়াৰ অৰ্থ এটাই যে, সংসদত চৰকাৰৰ কামৰ সমালোচনা কৰিব নোৱাৰিব ৷ মিটিং পাতিবলৈ নিদিয়ে, নিউজ চেনেলক মেনেজ কৰি চৰকাৰৰ বিপক্ষে ক’বলৈ নিদিয়ে, বাতৰি কাকতত নিলিখে, ফেচবুকত লিখিলে জেলত ভৰায় , সংসদত বিৰোধ কৰিবলৈ নিদিয়ে তেন্তে বিৰোধ কৰিব কোনে ? আৰু ক’ত ? 

আমি নিৰ্বাচনৰ নিয়ম সলাবৰ হ’ল ৷ পৰম্পৰা ভাঙিবৰ হ’ল ৷ নতুন চিন্তাক আদৰিবৰ হ’ল ৷ বেডমিন্টন খেলৰ চাটলটো যি দিশত আহে, সেই দিশত বেট কোবালেহে জিকিব পাৰি ৷ এইবাৰ আমিও ধুমুহা আনো আহক ৷ আমি একক সংখ্যাগৰিষ্ঠ দলৰ নিয়ম ভাঙো ৷ এটা দলক ভোট নিদিওঁ ৷ কাৰণ সব মাহ খোৱা বান্দৰ ৷ সব দল একেই ৷ লঙ্কাত সব ৰাৱণ ৷ সেইবাবেই প্ৰতীক চাই নহয়, মানুহ চাই ভোট দিও আহক ৷ যাকে উপযুক্ত বুলি ভাবে, তাকে ভোট দিয়া উচিত ৷ তেতিয়া এখন খিচিৰি চৰকাৰ হ’ব ৷ আৰু খিচিৰি চৰকাৰে সদায় জনতাক ভয় কৰি চলিব ৷ ইহঁতক ওলোমা দলঙত বান্ধি শাসনভাৰ গতাই দিওঁ আহক ৷ ইহঁত তেতিয়া ৰাইজৰ সুখ দুখৰ প্ৰতি বেছি সজাগ হ’ব ৷ কাৰণ কোনদিনা ৰাইজৰ জগৰ লাগে ঠিক নাই ৷ দলঙত ধৰি ৰাইজে জোকাৰ এটা মাৰি দিলে দলং ভাঙি সব পানীত পৰিব ৷ সেই ভয়তে ইহঁতমখাই ৰাইজৰ হকে কাম কৰিব ৷ এটাই ভাবিব- 

“নাই ভাই, ৰাইজৰ দায় লগাব নোৱাৰি যেনেতেনে জিকিছো ।”

আনটোৱে ভাবিব- “ৰাইজৰ সুখ আগত ভাই ৷ নহ’লে গিৰিম ৷”

সকলোৱে নিজৰ আসন বচোৱাৰ ধান্দাত, ৰাইজৰ ভৰিৰ তলত লেউসেউ হৈ ৰাইজৰ বাবে কাম কৰিব ৷ কাৰণ, একক শক্তিৰে সিহঁত ৰাইজতকৈ দুৰ্বল ৷ তাকে নকৰি, একোটাহঁত গেৰেলা দলৰ নেতাৰ কথা মতে ভোট দি একক সংখ্যাগৰিষ্ঠ দল কৰিলে, কোনদিনা আমি মানুহবোৰেই বিক্ৰী হৈ যাওঁ কোনে জানে ? কোনে জানে, আমেৰিকাক সন্তোষ্ট কৰিবলৈ কোনদিনা আমি দেহত সুমুৱাই ল’বলৈ আইনগতভাবে বাধ্য হ’ম আমেৰিকাৰ গৱেষনাৰ কোনো ঔষধ বা ভেকচিন ৷ কাৰণ, আইন বনোৱাৰ অধিকাৰ কেৱল একক সংখ্যাগৰিষ্ঠ দলৰ চৰকাৰৰ হে আছে ৷ খিচিৰি চৰকাৰে ৰাইজৰ মতামত লৈহে  আইন বনাব ৷ নহ’লে ৰাইজে বেয়া পালে যে বিপদ ৷ 

একক সংখ্যাগৰিষ্ঠ দলৰ পতন মধ্যবিত্তই আনিব লাগিব ৷ ৰি-ইলেকচনৰ খৰচৰ কথা নামানিব ৷ হাজাৰ হাজাৰ কোটি টকাত ৰাইজৰ খৰচেৰে বিলাসী বিমান কিনাতকৈ, ৰাইজৰ সুখৰ বাবে ৰি-ইলেকচনৰ খৰচেই ভাল ৷ এইবোৰ চলাহী কথাত ৰাইজ ভোল নাযায় ৷ মধ্যবিত্তৰ শক্তি বহুত ৷ সেই শক্তিক চিনো আহক ৷ সকলোৱে একক সংখ্যাগৰিষ্ঠতাক নসাৎ কৰিবলৈকে ভোট দিয়ক ৷ সঠিক আৰু মিহলি প্ৰাৰ্থীক ৷ একে দল আমাৰ কাম্য নহয় ৷ আমি আমাক হত্যা কৰা আইন বনোৱাৰ অধিকাৰ আৰু কোনো চৰকাৰক নিদিওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হওঁ আহক ৷ আমি আমাক ৰাজপথত ধৰি, সামান্য কথাতে পুলিচৰ হতুৱাই মাৰপিট কৰাৰ অধিকাৰ আৰু কোনো সংখ্যাগৰিষ্ঠ চৰকাৰক নিদিওঁ বুলি শপত লওঁ আহক ৷ 

           “ মধ্যবিত্ত জিন্দাবাদ “