এই ঘটনাই লাজত পেলাব তথাকথিত সভ্য সমাজখনক…

76

ডিজিটেল ডেস্কঃ একবিংশ শতিকাৰ তথাকথিত সভ্য সমাজখনত প্ৰায়ে সংঘটিত হয় লজ্জাজনক ঘটনা। ধৰ্ষণ, বলাৎকাৰ, নিৰ্যাতন, চুৰি, হত্যা, ডকাইতিৰ দৰে অমানৱীয় ঘটনাই প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। তেনে এক ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কন্নৌজৰ এখন গাঁৱত। য’ত এগৰাকী বিধৱা মহিলা আৰু এজন বিশেষভাৱে সক্ষম লোকৰ মুণ্ডন কৰোৱাই ডিঙিত জোতাৰ মালা পিন্ধাই গাঁওৰ মাজেৰে ঘূৰাই লৈ ফুৰা হ’ল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৩৭ বৰ্ষীয় মহিলাগৰাকীৰ স্বামীয়ে দুমাহ পূৰ্বে আত্মহত্যা কৰিছিল। স্বামীৰ মৃত্যুৰ পিছত বিশেষভাৱে সক্ষম ৪০ বৰ্ষীয় ব্যক্তিজনে সহায় কৰিছিল বিধৱা মহিলাগৰাকীক। দুয়োৰে মাজত ভাল বন্ধুত্ব আছিল, কিন্তু সেই বন্ধুত্ব পচন্দ কৰা নাছিল মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। যাৰ ফলত মহিলাগৰাকীৰ সম্পৰ্কীয় লোকে দুয়োজনকে এনেদৰে শাস্তি দি গাঁৱৰ মাজত ঘূৰায়।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত ৪জনক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰে জড়িত আনসকলকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে।