ডিজিটেল ডেস্কঃ এইবছৰতে অনুষ্ঠিত হ’ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বেই এতিয়া ৰাজ্যবাসীক প্ৰলোভিত কৰাৰ কাৰ্যত নামি পৰিছে মুখ্যমন্ত্ৰী অশোক গেহলট। আগষ্ট মাহত ৰাখী উৎসৱৰ সময়ত তেওঁৰ চৰকাৰে ৪০ লাখ মহিলাক স্মাৰ্টফোন প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কেৱল ফোনটোৱেই নহয়, ইয়াত তিনি বছৰৰ বিনামূলীয়া ইণ্টাৰনেটও অন্তৰ্ভুক্ত কৰা হৈছে! নিৰ্বাচনৰ পূৰ্বে গেহলটৰ ৰাজহুৱা ঘোষণা।
ৰাজস্থান চৰকাৰৰ তথ্য অনুসৰি ২০২৩ চনৰ ৩০ জানুৱাৰীলৈকে ‘চিৰঞ্জীৱী’ আঁচনিৰ অধীনত ১ কোটি ৩৭ লাখ ৮২ হাজাৰ ৯৫১টা পৰিয়ালত নামভৰ্তি কৰা হৈছে। এই পৰিয়ালসমূহৰ বাবে বছৰি সৰ্বোচ্চ ২৫ লাখ টকা চিকিৎসা ব্যয় বহন কৰিব গেহলট প্ৰশাসনে। এই সকলোবোৰ পৰিয়ালতে মহিলাসকলক পৰিয়ালৰ মুৰব্বী হিচাপে গণ্য কৰা হয়। সেই মহিলাসকলে, অৰ্থাৎ মুঠ ১.৩৫ কোটিতকৈ অধিক লোকে এই স্মাৰ্টফোনটো লাভ কৰিব। কিন্তু যিহেতু ইমান কম সময়তে ইমানবোৰ ফোন বনোৱা সম্ভৱ নহয়, গতিকে এতিয়াৰ বাবে মাত্ৰ ৪০ লাখ মহিলাইহে এই উপহাৰ লাভ কৰিব।
আজিৰ দিনটোতে হনুনগড়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অশোক গেহলটে। আৰু তাতেই তেওঁ এই ঘোষণা কৰিলে। তেওঁ কয় যে আমি সিদ্ধান্ত লৈছো যে ৪০ লাখ মহিলাক এই ফোনটো দিয়া হ’ব। কিন্তু এই ঘোষণা নতুন নহয়। ২০২২ চনত ৰাজ্যৰ বাজেট দাখিল কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই প্ৰতিশ্ৰুতি দিয়া দেখা গৈছিল। এতিয়া তেওঁ ক’লে যে ৰাখীৰ সময়ত ৪০ লাখ মহিলাক স্মাৰ্টফোন দিয়া হ’ব।
