এইবাৰ কভিড পজিটিভ হ’ল বাঘ, নিউয়ৰ্কৰ চিৰিয়াখানাত বাঘিনীৰ শৰীৰলৈ কেনেকৈ বিয়পিল কোৰোণা?

99

ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: মানুহৰ পৰা মানুহলৈ নহয়, জন্তুৰ পৰা মানুহলৈ নহয় এইবাৰ মানুহৰ পৰা বাঘলৈ বিয়পিল কোৰোণা ভাইৰাছ! আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ Bronx Zoo ৰ এটা বাঘৰ গাত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । মানুহৰ পৰা জন্তুলৈ কোৰোণা ভাইৰাছ সংক্ৰমণৰ এইটো প্ৰথম ঘটনা বুলি সদৰি কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই।
নাদিয়া নামৰ ৪ বছৰীয়া মালায়ন বাঘিনীজনীৰ নমুনা পৰীক্ষা কৰাৰ পাছত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। বাঘিনীজনীয়ে শুকান কাহ মাৰি থকা পৰিলক্ষিত হোৱাৰ পাছত কোৰোণাৰ পৰীক্ষা কৰা হয় । চিৰিয়াখানা খনৰ পৰিচালনাৰ দায়িত্বত থকা ৱাইল্ড লাইভ কনজাৰভেচন চছাইটিয়ে (Wildlife Conservation Society) এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰিছে । সংক্ৰমিত হোৱা বাঘিনীৰ পৰা আৰু তিনিটা বাঘ আৰু তিনিটা সিংহলৈ কভিড-১৯ সোঁচৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। নাদিয়াই খাদ্য যোগান ধৰা চিৰিয়াখানাৰ কৰ্মচাৰীৰ পৰা এই বেমাৰ লাভ কৰিলে বুলিও উল্লেখ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। কৰ্মচাৰীজনে শৰীৰত ভাইৰাছটো কঢ়িয়াই ফুৰিছিল যদিও কোনো লক্ষণ দেখুওৱা নাছিল। বাঘিনীজনীয়ে আক্রান্ত হোৱাৰ পাছত কিছু পৰিমাণে কমকৈ খাদ্য গ্ৰহণ কৰাৰ বাদে আন কোনো ধৰণৰ অসুস্থতা প্ৰদৰ্শন কৰা নাই । বৰ্তমান অসুস্থ পশুটো পশু চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত আছে। নভেল কোৰ’না ভাইৰাছ বিভিন্ন জন্তুৰ শৰীৰত কি চৰিত্ৰ প্ৰদৰ্শন কৰিব সেয়া এতিয়াও জ্ঞাত নহয় । কিন্তু এই ঘটনাৰ পাছত United States Department of Agricultural এ কৰ’না আক্রান্ত লোকক পোহনীয়া জন্তুৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিছে।