এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা হাতত হেণ্ডকাফ লৈ পলায়ন দুৰ্ধৰ্ষ অপৰাধী মিনছুৰৰ

253

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আন এজন দুৰ্ধৰ্ষ অপৰাধীৰ। এইবাৰ বঙাইগাঁও জিলাৰ বইটামাৰীত হাতত হেণ্ডকাফ লৈ পলায়ন এজন দুৰ্ধৰ্ষ অপৰাধীৰ।

বইটামাৰীৰ কায়েথপাৰাত আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলায়ন কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে, গুৱাহাটীৰ আজাৰা আৰক্ষীয়ে তদন্তৰ বাবে ঘৰলৈ লৈ আহোতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে মিনছুৰ আলী নামৰ দুৰ্ধৰ্ষ অপৰাধীটোৱে।

ইতিমধ্যে অপৰাধীটোক পুনৰ কৰায়ত্ত কৰিবলৈ বইটামাৰী আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আছে যদিও অপৰাধী মিনচুৰৰ অদ্যপি সন্ধান পোৱা নাই।

সম্প্ৰতি ঘন জংঘলত অভিযান চলাই আছে আৰক্ষীয়ে। উল্লেখ্য যে বিগত ১৫ দিনৰ ভিতৰত অসম আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী পলায়ন কৰা এইটো তৃতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ঢকুৱাখানা আৰু শিলচৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছে।