এইচডিএফচি বেংকে ১ লাখ ভিএলইৰ জৰিয়তে গ্ৰামীণ ভাৰতলৈ প্ৰদান কৰিছে ‘ছামাৰ ট্ৰীটছৰ সুবিধা

106

এইচডিএফচি বেংকে গ্ৰামীণ পৰ্যায়ৰ ‘ছামাৰ ট্ৰীটছ’ৰ সুবিধা মুকলি কৰিছে। এই ছামাৰ ট্ৰীটছত ব্যৱসায়ীকে ধৰি বেটনভোগী তথা স্ব-নিয়োজিত গ্ৰাহকসকলৰ বাবে বিভিন্ন আকৰ্ষণীয় সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰৰ সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)সমূহত পঞ্জীকৃত ১ লাখ গ্ৰামীণ পৰ্যায়ৰ উদ্যমী(ভিএলই) সকলৰ নেটৱৰ্কৰ জৰিয়তে গ্রামঞ্চল বাসিন্দা সকলে এই সুবিধা লাভ কৰিব পাৰিব। গ্ৰামীণ পৰ্যায়ৰ এই শিবিৰ মঙলবাৰে মুকলি কৰে চি ই অ’, চিএছচি,এছপিভি দীনেশ ত্যাগী আৰু এইচডিএফচি বেংকৰ চৰকাৰী তথা অনুষ্ঠানিক ব্যৱসায়, ই -কমার্চ আৰু ষ্টাৰ্ট- আপ সমূহৰ দেশীয় মুৰব্বী স্মিতা ভগতে। এই সন্দৰ্ভত স্মিতা ভগতে কয়”-নগৰৰ উপকণ্ঠ অঞ্চল তথা গ্ৰামীণ ভাৰতত বাস কৰা এইচডিএফচি ৰ লক্ষাধিক গ্ৰাহকক ছামাৰ ট্ৰীটছৰ সুবিধা প্ৰদান কৰিবলৈ চিএছচিৰ সৈতে সহযোগিতা স্থাপন কৰি আনন্দ লাভ কৰিছোঁ।”এয়া এইচডিএফচি বেংকৰ ছামাৰ ট্ৰিটছ শিবিৰৰ দ্বিতীয়টো পৰ্যায়। ৫ জুনত ইয়াক মুম্বাইত মুকলি কৰা হৈছিল।