ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক

85

ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰক: কা বিৰোধী সমন্বয় সমিতি

ষ্টাফৰিপৰ্টাৰ, ১৪ জুন : গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে আৰু উক্ত ঘটনাৰ লগত জড়িত প্ৰত্যেকজনৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে তথা ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে কা বিৰোধী সমন্বয় সমিতিয়ে। এই সম্পৰ্কে সমিতিয়ে
মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে কয় “শেহতীয়াকৈ ৰাজ্যত এটাৰ পিছত এটাকৈ হত্যাকাণ্ডৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি দ্ৰুতগতিত অৱনতি হৈছে। সনাতন ডেকা, দেৱাশিষ গগৈ হত্যাকাণ্ডৰ এমাহ নহ‌ওঁতেই ৰাজধানী গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এনেধৰণৰ হত্যাৰ ঘটনা সংঘটিত হোৱাটো অতিকৈ নিন্দনীয় আৰু গৃহবিভাগৰ চৰম ব্যৰ্থতা। লকডাউন সফল কৰাৰ নামত বহু ঠাইত সাধাৰণ শ্ৰেণীৰ ৰাইজৰ ওপৰত দমননীতি চলোৱা অসম পুলিচ যোৱা সময়ছোৱাত নূন্যতম আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। লগতে দেখা গৈছে যে একাংশ ৰাজনৈতিক নেতাই হত্যা কাণ্ডত সাম্প্ৰদায়িক ৰহণ সানিবলৈ যত্ন কৰিছে । ই মুঠেই গ্ৰহণ যোগ্য নহয়। এই সকলো ঘটনাত সাম্প্ৰদায়িক ৰহণ নাসানি ঘটনাৰ সৈতে জড়িত সকলো অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰে আৰু ৰাজ্যৰ অৱনতি ঘটা আইন শৃংখলা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ।”