ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা কাৰ্যক ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ গৰিহণা

94

ষ্টাফৰিপৰ্টাৰ, ১৪ জুন :: ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে গুৱাহাটীৰ নুনমাটিত দিন-দুপৰতে ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দোষীকে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। লগতে সংঘৰ ৰাজ্যিক সমিতিয়ে ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী কৰিছে। ৰাজ্যখনত এটাৰ পিছত এটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ উপৰিও সামগ্ৰিকভাৱে আইন-শৃংখলা পৰিস্থিতি যিধৰণে অৱনতি ঘটিছে তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই। যোৱা কেইদিনত কেইবাটাও হত্যাকাণ্ডৰ হোৱাৰ পিছতো চৰকাৰখনৰ গা লৰা নাই। সততে আইন শৃঙ্খলাৰ কথা কৈ গণতান্ত্ৰিক আন্দোলন বন্ধ কৰি ৰখা চৰকাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এনেধৰণৰ হত্যাৰ ঘটনা ৰোধ কৰিব নোৱাৰাটো অতিকৈ নিন্দনীয় আৰু চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতা। আনহাতে একাংশ ধুৰন্ধৰ ৰাজনৈতিক নেতা-পালিনেতাই এই হত্যা কাণ্ডক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। এই সকল নেতা-পালিনেতাই কৰা এনে কু অভিসন্ধি যাতে সফল হ’ব নোৱাৰে, তাৰ বাবে সকলো ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক লোককে সদা-সচেষ্ট হৈ থাকি তেওঁলোকৰ মুখা খুলিবলৈ আহ্বান জনাইছো। হত্যাকাৰীৰ কোনো জাত নাই, গতিকে সকলো ঘটনাকে সাম্প্ৰদায়িক ৰহণ নাসানি হত্যাকাণ্ডৰ লগত জড়িত সকলো অপৰাধীক আইনগতভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ আৰু ৰাজ্যখনত দ্ৰুতগতিত অৱনতি ঘটা আইন শৃংখলা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ বুলি কয়
ইপ্টা, অসমৰ প্ৰধান সম্পাদক
বিপুল তালুকদাৰে।