উৰিয়ামঘাটত কোভিড ৰেপিড এন্টিজেন টেষ্টত ৯ জনৰ দেহত ধৰা পৰিল কোৰোনাৰ লক্ষণ

106

বৰপথাৰঃ সমগ্ৰ বিশ্বত এতিয়া কোৰোনাৰ সন্ত্ৰাস। অসমতো দিনক দিনে বৃদ্ধি পোৱা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বেছিতকৈ বেছি ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ প্ৰয়াস হাতত লৈছে। সেই অনুসৰি আজি গোলাঘাট জিলাৰো বিভিন্ন প্ৰান্ততো কোভিড ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হয়।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট স্থায়ী বজাৰত ধনশিৰি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু উৰিয়ামঘাট চেম্বাৰ অব কৰ্মাচ আৰু স্থানীয় সচেতন মহলৰ সহযোগত উৰিয়ামঘাট সাপ্তাহিক বজাৰ গৃহ প্ৰাঙ্গণত ব্যৱসায়ী সকলৰ লগতে পাশ্চৱৰ্তী এলেকাৰ ৰাইজৰ মাজত এই এন্টিজেন টেষ্ট কৰোৱা হয়৷

এই টেষ্টত এজন স্থানীয় ব্যৱসায়ীৰ লগতে উৰিয়ামঘাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টেনৰ দেহত কোভিডৰ লক্ষণ ধৰা পৰে। ইয়াৰ উপৰিও আন ৭ জনৰ দেহতো দেখা যায় কোৰোনাৰ লক্ষণ। তেওঁলোকক ৭ দিনৰ কাৰণে হোম কোৱাৰেন্টাইন কৰা হৈছে। আজি প্ৰায় দুই শতাধিক লোকৰ দেহত এই টেষ্ট কৰা হয় আৰু বাকী সকলক ক্ৰমান্বয়ে টেষ্ট কৰা হব বুলি জানিব পৰা গৈছে।