কৰিমগঞ্জ আৰক্ষীয়ে দক্ষিণ অসমৰ পাথাৰকান্দি আৰক্ষী থানাৰ এজন উপ-পৰিদৰ্শকক ৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়াজনক জীতেন্দ্ৰ সিংঘা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
ভিডিঅ’টোত, সিংঘাক পাথাৰকান্দি আৰক্ষী থানাত এজন ব্যক্তিৰ পৰা উৎকোচ গ্ৰহণ কৰা দেখা গৈছে।
এই সন্দৰ্ভত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইটযোগে কয়, “ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৰেফাৰেন্স ভিডিঅ’ৰ প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত পাথাৰকান্দি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জীতেন্দ্ৰ সিংঘাক আজি কৰিমগঞ্জ আৰক্ষীয়ে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে।”
