উলুবাৰীত পৌৰনিগমৰ পাইপ ফাটি পানীৰ অপচয়ঃ

115

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিব লগা হয় ৷ পৌৰনিগমৰ তৰফৰ পৰা এতিয়ালৈকে ৭০ শতাংশ নাগৰিকক পানী যোগান ধৰিব পৰা নাই ৷ তেনেস্থলত গুৱাহাটী পৌৰনিগমৰ দায়িত্বহীনতা বাবে একাংশ পথত পানীৰ পাইপ ফাটি হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় হৈ আছে ৷ মহানগৰীৰ উলুবাৰী স্হিত দক্ষিণ শৰনীয়া সংযোগী পথত চলিত মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী পৌৰনিগমৰ এডাল পাইপ ফটাৰ বাবে যঠেষ্ট পৰিমানৰ পানীৰ অপচয় হৈছে ৷ যিটো সময়ত মহানগৰবাসীয় ৰাইজে এটুপি পানীৰ বাবেই হাহাকাৰ কৰিব লগা হয় , তেনেস্থলত দক্ষিণ শৰনীয়াৰ পান্জাব নেচনেল বেংকৰ এটি এমৰ সন্মুখৰ ভাগত এনেকৈ পানী অপচয় হোৱাৰ বাবেই একাংশ নাগৰিক পানীৰ পৰা বঞ্চিত হৈছে ৷ ইপিনে এই পথচোৱা চলিত বৰ্ষৰ জানুৱাৰী মাহত নিৰ্মান কৰা হৈছে ৷ স্হানীয় ৰাইজৰ অভিযোগ এনেকৈ যদি এই পথচোৱা পানীৰে উপচি থাকে তেন্তে’ অতি কম সময়ৰ ভিতৰত পথচোৱা জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবসিত হ’ব সেয়া নিশ্চয় বুলি মত পোষন কৰে ৷ সেয়ে পৌৰনিগমৰ তৰফৰ পৰা শীঘ্ৰেই পানীৰ পাইপ মেৰামতি কৰি নিৰ্গত হোৱা পানী বন্ধ কৰিবলৈ স্হানীয় ৰাইজৰ অনুৰোধ জনায় ।