উন্নয়নশীল চৰকাৰে ঢাক ঢোল বজোৱা বিকশিত অসমৰ ফোপোলা স্বৰূপ।
ৰাইজে নিজে গাঠিৰ ধন ভাঙি সাজি উলিয়ালে এটা মঠাউৰি।
বিধানসভাৰ মজিয়াত উচ্চস্তৰত দম্ভালি মাৰি থকা সৰুক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ নমুনা।
বানেবিধস্ত কৰা বজালীৰ দক্ষিণ অঞ্চলৰ নেউলাভিঠা নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।
আজিলৈকে চৰকাৰে ঢুকি নোপোৱা এটা অঞ্চল । বাৰিষা কালৰ আগে আগে মঠাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ দিয়া মন্ত্ৰী পীযুজ হাজৰিকাৰৰ চকু পৰিবনে এই মঠাউৰিত ।
গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসলৈ স্থানীয় ৰাইজৰ দাবী পথতো যাতে অতি সোনকালে কৰি দিয়ে মাথাউৰীৰ কাম।
