উদ্যোগীকৰণৰ নামত কেবিনেটৰ অধ্যাদেশে মাটি, ভেটিৰ সংকট আনিব-ৰাষ্ট্ৰীয় জনতা দল

94

ষ্টাফৰিপৰ্টাৰ,৩ জুলাই : চৰকাৰে শেহতীয়াকৈ উদ্যোগীকৰণৰ নামত যি আত্মঘাতী সিদ্ধান্ত ললে সেয়া লজ্জাজনক বুলি অভিহিত কৰে ৰাষ্ট্রীয় জনতা দল, অসম শাখাই। দলৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফাই এই সম্পৰ্কে সংবাদ মাধ্যমক কয়
“বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতি, মাটি, ভেটি ৰক্ষা কৰিব নোৱাৰাটো লজ্জাজনকে নহয় দুখজনক। শেহতীয়াকৈ উদ্যোগীকৰণৰ নামত কেবিনেটৰ অধ্যাদেশে আমাৰ ভয়ংকৰ ভাৱে ক্ষতি কৰিব। ৩৫ বছৰীয়া অসম চুক্তি নস্যাত কৰি নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ দ্বাৰা জাতিৰ মেৰুদণ্ড স্বৰূপ ভাষা, সাংস্কৃতিৰ অস্তিত্ব বিনষ্ট কৰি অসমীয়া জাতিক সংকটৰ গৰাহত ঠেলি দিছে। শেহতীয়া কেবিনেটৰ সিদ্ধান্তই মাটি, ভেটিৰ সংকট আনিব। নিৰ্বাচিত চৰকাৰ এখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পালন কৰা উচিত।”