উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

87

ডিজিটেল ডেস্কঃ অযোধ্যা বা মথুৰা নহয়, গোৰখপুৰেই শেষ ভৰসা হব যোগীৰ! উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগন্তুক বিধানসভা নিৰ্বাচনত গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শনিবাৰে কেন্দ্ৰীয় বিজেপি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে।

কেন্দ্ৰীয় বিজেপি সমিতিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিও নিৰ্ধাৰণ কৰিছে। আনহাতে, দলটোৱে ঘোষণা কৰিছে যে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰয়াগৰাজৰ চিৰাথু সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দিল্লীত কেন্দ্ৰীয় বিজেপি সমিতিৰ হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। মন্ত্ৰীজনে প্ৰথম পৰ্যায়ত ৫৮ টা সমষ্টিৰ ভিতৰত ৫৭ জন আৰু দ্বিতীয় পৰ্যায়ত ৫৫ টা সমষ্টিৰ ভিতৰত ৪৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

আনহাতে এইবাৰ ৫ বাৰৰ গোৰখপুৰৰ সাংসদ যোগী আদিত্যনাথে তেওঁৰ পুৰণি সমষ্টিৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি নিশ্চিত কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানে জানিবলৈ দিয়া মতে, দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীৰ তালিকা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, ‘মই দলটোৱে বিচৰা সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিম। এয়া সম্পূৰ্ণ দলৰ সিদ্ধান্ত।”

অৱশ্যে, এই বিধানসভা নিৰ্বাচনত ‘হিন্দুত্ববাদী আইকন’ যোগী আদিত্যনাথক বিজেপিৰ নেতৃত্বই মন্দিৰ নগৰী অযোধ্যা বা মথুৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছিল। কিন্তু খবৰ অনুসৰি, যোগী আদিত্যনাথে নতুন সমষ্টিৰ পৰিৱৰ্তে তেওঁৰ পুৰণি গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী হয়।

তাৰ পিছত, যোৱা বুধবাৰে উত্তৰ প্ৰদেশত প্ৰাৰ্থী নিৰ্বাচন আৰু আসন বিতৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় আৰু তেওঁৰ ইচ্ছা অনুসৰি গোৰখপুৰ সমষ্টিৰ পৰা তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়।

উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য প্ৰয়াগৰাজৰ চিৰাথু সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।