উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ঘোষণা কৰিছে যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। এটা ব্যক্তিগত চেনেলক দিয়া সাক্ষাৎকাৰত এই ঘোষণা কৰে অখিলেশ যাদৱে। উল্লেখ্য যে, অখিলেশ যাদৱ বিধান পৰিষদৰ সদস্য আছিল। তেওঁৰ ঘোষণাই স্পষ্ট কৰি দিছে যে এইবাৰো তেওঁ বিধান পৰিষদৰ জৰিয়তে সদস্য হ’ব। বর্তমান তেওঁ আজমগড়ৰ সাংসদ।
ইফালে প্ৰগতিশীল সমাজবাদী পাৰ্টিৰ সৈতে শিৱপাল সিং যাদৱৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে পিআৰএএছপিৰ সৈতে মিত্ৰতাত কোনো অসুবিধা নাই। তেওঁলোকে তেওঁলোকৰ সন্মান পাব।
উল্লেখ্য যে, ২০১৭ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ সময়ত যোগী আদিত্যনাথো গোৰখপুৰৰ সাংসদ আছিল। পিছত বিধান পৰিষদৰ জৰিয়তে সদনৰ সদস্য হৈছিল। অৱশ্যে, এইবাৰ তেওঁ অযোধ্যাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি জল্পনা-কল্পনা চলি আছে।
উত্তৰ প্ৰদেশত পাঁচ বছৰ শাসনত থকাৰ পিছত, বিজেপিয়ে এই নিৰ্বাচনত এছপিৰ পৰা এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা গৈছে। অখিলেশ যাদৱৰ লগতে এছপি কৰ্মীসকলো নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অধিক উৎসাহেৰে দলৰ প্ৰসাৰ-প্ৰচাৰত ভাগ লোৱা দেখা গৈছে।
এই নিৰ্বাচনত কংগ্ৰেছো উত্তৰ প্ৰদেশত অধিক সক্ৰিয় হোৱা দেখা গৈছে। দলীয় নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনত সমদল কৰি ভ্ৰমণ কৰি আছে। দেওবাৰে গোৰখপুৰত এক ৰেলী সম্বোধন কৰি তেওঁ বিজেপি চৰকাৰৰ উপৰিও এছপি অধ্যক্ষ অখিলেশ যাদৱকো আক্ৰমণ কৰে আৰু কয় যে কংগ্ৰেছক উত্তৰ প্ৰদেশৰ মুখ্য বিৰোধী দল হিচাপে দেখা যায়। এছপিৰ অধ্যক্ষক ৰাজপথত কতো দেখা পোৱা নাছিল। এইটো কংগ্ৰেছ যিয়ে জনসাধাৰণৰ যুঁজত যুঁজি আছে।
ইফালে, প্ৰিয়ংকা গান্ধীৰ সৈতে আৰএলডিৰ অধ্যক্ষ জয়ন্ত চৌধুৰীৰ বৈঠকক লৈও জল্পনা-কল্পনা চলি আছে। অৱশ্যে, জয়ন্তে দেওবাৰে লক্ষ্ণৌত এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে এছপিৰ সৈতে আৰএলডিৰ মিত্ৰতা গঠন কৰা হৈছে আৰু আসনসমূহৰ সিদ্ধান্ত শীঘ্ৰেই লোৱা হ’ব।