উত্তৰ প্ৰদেশ নিৰ্বাচনত আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শিৱসেনাই

124

অহাবছৰ অনুষ্ঠিত হবলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শিবসেনাই। দলটোৰ উত্তৰ প্ৰদেশ সমিতিৰ এক বৈঠকৰ পিছত এই ঘোষণা কৰে প্ৰদেশ কমিটিৰ সভাপতি ঠাকুৰ অনিল সিঙে।

বৈঠকত শিৱসেনাই অভিযোগ কৰে যে বিজেপি চৰকাৰৰ অধীনত উত্তৰ প্ৰদেশৰ আইন-শৃংখলা সম্পূৰ্ণৰূপে বিফল হৈছে আৰু জীয়ৰী-বোৱাৰীসকলে অসুৰক্ষিত অনুভৱ কৰিছে। আনহাতে ব্ৰাহ্মণ সকলৰ সৈতেও যোগী চৰকাৰে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ কৰে শিবসেনাই। তেনে পৰিপ্ৰেক্ষিতত এইবাৰ উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই শিবসেনাই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ঠাকুৰ অনিল সিঙে।