উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে লখিমপুৰ খেৰী হিংসাৰ গোচৰৰ শুনানি স্থগিত ৰাখে। দৰাচলতে, উত্তৰ প্ৰদেশ চৰকাৰে আদালতক শুনানিৰ তাৰিখ বৃদ্ধি কৰিবলৈ আবেদন জনাইছিল। এই আৱেদন গ্ৰহণ কৰি আদালতে কয় যে ১৫ নৱেম্বৰত বিষয়টোৰ শুনানি গ্ৰহণ কৰা হব।
মুখ্য ন্যায়াধীশ এন ভি ৰামান্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে লখিমপুৰ-খেৰী গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে গোচৰটোত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ হাজিৰ হৈছিল। তেওঁ আদালতক সোমবাৰৰ আগলৈকে সময় দিবলৈ আবেদন জনায় যাতে তেওঁ গোচৰটোৰ কাম সম্পূৰ্ণ কৰিব পাৰে। আদালতে তেতিয়া তেওঁৰ আপীল গ্ৰহণ কৰে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ৮ নৱেম্বৰত বিষয়টোৰ শুনানি লৈছিল। উচ্চতম ন্যায়ালয়ে তেতিয়া উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰা স্থিতি প্ৰতিবেদনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। আদালতে কৈছিল যে আমি ১০ দিনৰ সময় দিছিলো। তথাপিও, স্থিতি প্ৰতিবেদনত একো নাই। সাক্ষীসকলক সোধা-পোছা কৰা হৈছে বুলি কোৱাৰ বাহিৰে। আদালতে কয় যে হিংসাৰ গোচৰৰ সন্দৰ্ভত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কেৱল আশীষ মিশ্ৰাৰ ফোনটো জব্দ কৰা হৈছে। আদালতে গোচৰটোত পৰীক্ষাগাৰৰ প্ৰতিবেদন দাখিল নকৰাৰ বাবেও অসন্তুষ্টি প্ৰকাশ কৰিছিল।