উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যান সিঙৰ বিয়োগ

66

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ শনিবাৰে লক্ষ্ণৌত চেপচিছ আৰু মাল্টি-অৰ্গান বিকল হোৱাৰ ফলত দেহাবসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

উল্লেখ্য যে, জ্যেষ্ঠ বিজেপি নেতাগৰাকী শাৰিৰীক অসুস্থতাৰ বাবে ৪ জুলাইৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এছজিপিজিআইএমএছ)ত চিকিৎসাধীন হৈ আছিল। শুক্ৰবাৰে, তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডায়েলাইচিছত ৰখা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।

কল্যান সিঙৰ মৃত্যু ভাৰতীয় ৰাজনীতিত এক অপুৰণীয় ক্ষতি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক ব্যক্ত কৰে। গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও গভীৰ সক ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত। উত্তৰ প্ৰদেশ চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত ৩ দিনীয়াকৈ ৰাজ্যিক সক ঘোষণা কৰে।

ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু মায়াৱতীয়েও তেওঁৰ মৃত্যুত টুইটাৰত সক প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কল্যান সিং ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। জুন, ১৯৯১ৰ পৰা ডিচেম্বৰ, ১৯৯২ চনলৈ আৰু ছেপ্টেম্বৰ, ১৯৯৭ৰ পৰা নৱেম্বৰ, ১৯৯৯ চনলৈ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব নিৰ্বাহ কৰাৰ উপৰিও ২০১৪ ৰ পৰা ২০১৯ চনলৈ তেওঁ ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।