উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ বুজ ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই

98

স্বাস্থ্যজনিত কাৰণত যোৱা ৩ জুলাইৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ থকা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কল্যাণ সিঙৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে। শনিবাৰে এই কথা জানিবলৈ দিয়ে তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা এছজিপিজিআইৰ সঞ্চালক, অধ্যাপক আৰ কে ধিমানে।

উল্লেখ্য যে, উচ্চ ৰক্তচাপত আক্ৰান্ত কল্যাণ সিঙক যোৱা ৩ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰৱৰ্তী সময়ত তেওঁক আইচিইউত ভৰ্তি কৰা হয়। ইফালে শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডা।

জে পি নড্ডা হাস্পতালত উপস্থিত হোৱাৰ সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিহাৰ চৰকাৰৰ মন্ত্ৰী শ্বাহনাৱাজ হুছেইনে।