উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল

87

উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল৷ ৬০বছৰীয়াক ২৫বছৰীয়া কৰি দিম বুলি প্ৰতিশ্ৰুতি দি দম্পতীয়ে বহু লোকৰ পৰা লুটিলে ৩৫কোটি টকা৷ উল্লেখ্য যে, এই দম্পতীয়ে ইজৰাইলৰ পৰা এটা মেচিন আনিছিল আৰু সেই মেচিনেৰে বয়স হ্ৰাস কৰিব বুলি দাবী কৰিছিল৷ খুলি লৈছিল এটা চেন্টাৰ আৰু এই চেন্টাৰৰ পৰাই প্ৰৱঞ্চনাৰ জাল পাতিছিল৷ বহু বৃদ্ধ লোকক ডেকা কৰি দিম বুলি দিছিল প্ৰতিশ্ৰুতি৷ কিন্তু ৩৫কোটি ধন আত্নসাৎ কৰি বৰ্তমান পলাতক এই দম্পতী৷