March 16, 2026

উত্তৰ-পূৱ

কুলদীপ যাদৱে বহুসময়ত ভাৰতীয় ক্ৰিকেট দলৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে। তেওঁ ভাৰতৰ লগতে বিদেশৰ ভূমিতো দলটোৰ হৈ...
চিডছ-‘দুৰ্য্যোগ সহাৰি আৰু ব্যৱস্থোপনা’ৰ কামত নিয়োজিত এক এটা প্ৰখ্যাত মানৱতাবাদী সংগঠন; আজি এই সংস্থাটোৱে  ‘দূৰ্য্যোগ পৰোপকাৰ কেন্দ্ৰ(CDP)ৰ সতে ইয়াৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। আৰু লোকহিতকৰ পৰামৰ্শ, বিদ্যায়তনিক সমল আৰু স্থানীয় দূৰ্য্যোগ পুঁজিৰ জৰিয়তে   সহযোগীতাৰে প্ৰান্তীয় আৰু বিপদৰ আশংকা থকা লোকসকলৰ দূৰ্য্যোগৰ প্ৰভাৱৰ পৰিমাণ হ্ৰাস কৰিবলৈ সংকল্প লয়। বিগত ২৮ বছৰে, চিডছ-এ ভাৰতবৰ্ষৰ বহু ৰাজ্যত গৰিষ্ঠসংখ্যক আটাইতকৈ উপেক্ষিত জনসংখ্যাৰ সামৰ্থবৰ্ধনৰ জৰিয়তে দূৰ্য্যোগৰ প্ৰতি সহনশীলতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ হৈ কাম কৰি আছে।এই সহযোগিতাই দুয়োটা সংগঠনৰ মূল উদ্দেশ্যক আগবঢ়াই নি আটাইৰে ভৱিষ্যত সুৰক্ষা কৰিবলৈ সক্ষম হব। চিডিপি, আন্তৰাষ্ট্ৰীয় ফাণ্ড-ৰ সঞ্চালক, এলেক্স গ্ৰেই কৈছে-‘চি.ডি. এছৰ সৈতে চিডিপিৰ এই সহযোগীতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই আজি মই অত্যন্ত সুখী। এই  অংশীদাৰিত্বৰ লক্ষ্য হব-অসমৰ কাছাৰ জিলাৰ বানপীড়িত সম্প্ৰদায়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মানৰ বাবে এখন মঞ্চ প্ৰদান কৰা। আমাৰ সন্মিলিত প্ৰচেষ্টাৰ দ্বাৰা আমি প্ৰভাৱিত সম্প্ৰদায়সমূহৰ সক্ষমতা শক্তিশালী কৰা আৰু বিপদাশংকা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছো; লগতে দূৰ্য্যোগগ্ৰস্ত সকলৰ প্ৰত্যেকৰে ভৱিষ্যত অধিক সুৰক্ষিত বুলি সুনিশ্চিত কৰা  । বাৰে বাৰে হোৱা স্থানান্তৰ, গুৰুত্বপূৰ্ণ আন্তঃগাথনিত কম বিনিয়োগ আৰু সম্পদৰ অভাৱৰ বাবে, দূৰ্বল সম্প্ৰদায়ৰ লোকসকল জলবায়ু পৰিৱৰ্তন আৰু দূৰ্য্যোগৰ দ্বাৰা অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত হয়। এই সহযোগিতাই অসমৰ কাছাৰ জিলাৰ বানপীড়িত সম্পদ পুনৰদ্ধাৰ কৰাৰ বাবে আৰু ভৱিষ্যতৰ দূৰ্য্যোগৰ সমুখীন হ’বলৈ সম্প্ৰদায়টোক পূৰ্বৰ পৰাই প্ৰস্ত্তত কৰাৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰিব।                                                                                                                               ক্ষতিগ্ৰস্ত সম্প্ৰদায়টোৰ মাজলৈ গৈ চীডছে বিদ্যালয়সমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ণ কৰিব আৰু সেইবোৰ পুনৰ নিৰ্মাণ  কৰিব। দূৰ্য্যোগ সহাঁৰিৰ বাবে প্ৰতিষ্ঠানগত সক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰশিক্ষণ, পৰিকল্পনা আৰু নিয়মীয়া সুৰক্ষা অনুশীলনৰ জৰিয়তে দূৰ্য্যোগ আৰু বিপদাশংকা হ্ৰাসকৰণ পদ্ধতিৰ বিষয়ে প্ৰচাৰ কৰিব। ইয়াৰোপৰি, তেওঁলোকৰ মাজত বহনক্ষম পানী ফিল্টাৰ প্ৰদান কৰিব, যিবোৰ থলুৱা পদ্ধতিৰে পৰিচালনা কৰিব পাৰি। ফলত, তেওঁলোক আনৰ  সহয়ৰৰ বাবে আশাপালি নাথাকি, স্ব-নিৰ্ভৰশীল হবলৈ শিকিব। চিডছৰ সহ-প্ৰতিষ্ঠাপক ড. মনু গুপ্তাই কয়, “এই অংশীদাৰীত্ব হৈছে পৰিস্থিতিটোৰ পৰা পুনৰুদ্ধাৰ আৰু স্থানান্তৰৰ জড়িয়তে স্থিতিস্থাপকতা গঢ়ি তোলালৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হৈছে-জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা পৰিৱৰ্তনশীল বিপদাশংকাৰ দৃশ্যপটত কাছাৰৰ সম্প্ৰদায়বোৰক খাপ খুৱাই তোলা আৰু সহায় কৰাৰ বাবে সামৰ্থ গঢ়ি তোলা।“
এ.এছ.এছ.ও.চি.এইছ.এ. এম. নেশ্বনেল এডুকেশ্বন কাউন্সিলৰ এডুটেক ১০০ চামিট অন ‘ডিজিটেল ডিষ্টিংশ্বন: টেকন’ল’জী কনফৰমেন্স টু এন. ই. পি.’ত ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইন, সোনিপত, হাৰিয়ানাই ১৪ ডিচেম্বৰ ২০২২ বুধবাৰে দিল্লীত অনুষ্ঠিত এ.এছ.এছ.ও.চি.এইছ.এ. এম. এডুটেক ১০০ চামিট ২০২২ ৰ এক আনুষ্ঠানিক প্ৰদৰ্শনীত ভাৰতৰ শীৰ্ষ ১০০ উচ্চশিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত স্বীকৃতি লাভ কৰে। শৈক্ষিক, প্ৰায়োগিক আৰু নীতি ক্ষেত্ৰৰ অগ্ৰণী নেতাসকলে প্ৰস্তুত তথা অনুমোদন কৰা এক বিস্তৃত প্ৰায়োগিক ৰূপৰেখাৰ আধাৰত শীৰ্ষ ১০০খন প্ৰতিষ্ঠান বাছনি কৰা হয়। ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইন কেৱল শীৰ্ষ ১০০ত স্থান লাভ কৰাই নহয়, শীৰ্ষ ২০ প্ৰতিষ্ঠানৰ ভিতৰতো স্থান লাভ কৰা বাবে উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ লাভ কৰে। এই বৈঠকখনত গোটেই ভাৰতৰ নামজ্বলা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰপৰা শিক্ষাবিদ, অধ্যক্ষ, উপাধ্যক্ষ, ডীন, সঞ্চালক, প্রমোটৰসকল, এডটেক ষ্টাৰ্ট-আপ, সহযোগী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইনৰ উপাধ্যক্ষ ডঃ সঞ্জয় গুপ্তাই উৎফুল্লিত হৈ কয়, “এ.এছ.এছ.ও.চি.এইছ.এ. এম.ৰদ্বাৰা দেশৰ শীৰ্ষ ১০০ প্ৰতিষ্ঠান নহয় বৰং শীৰ্ষ ২০ ত স্বীকৃত পোৱাটো এখন ৪ বছৰীয়া বিশ্ববিদ্যালয়ৰবাবে অতি সন্মানপূৰ্বক। ই প্ৰমাণ কৰে যে আমি সঠিক দিশত গতি কৰিছোঁ আৰু আমাৰ কষ্টই ফল পাইছে। মই আমাৰ পৰিচালনা, শৈক্ষিক আৰু শিক্ষাৰ্থী আদি সকলো দলকে অভিনন্দন জনাইছোঁ যিসকলে এই সফলতা সম্ভৱ কৰিলে।”
বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক:আবকৰী বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ: হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ:তীব্ৰ...
লখিমপুৰৰ হাতিলুঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা, কাবাৰী আৰু ৱেইলডিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব...
চান্দা নিদিয়াৰ বাবেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক ! সামাজিক সংকীৰ্ণতাৰ বলি হ’ল ডিব্ৰুগড় জিলাৰ দিহিং থান...
বটদ্ৰৱাত ঘাটমাউৰা হ’ল দুটি কনমানি কন্যা শিশু । মাতৃ মাত্ৰ পাঁচ মাহ পূৰ্বে মৃত্যু হোৱাৰ পিছত দুৰ্ভাগ্যজনক...
ফিফা বিশ্বকাপ-২০২২ৰ অন্তিম খন খেলৰ কাউন্টডাউন আৰম্ভ হৈছে। এই গোলকীয় প্ৰতিযোগিতাখনৰ খিতাপ খেলখন আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত...
প্ৰথম বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰা নিউজিলেণ্ডৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক কেন উইলিয়ামছনে টেষ্ট অধিনায়কত্বৰ পৰা পদত্যাগ...