উত্তৰ পূব সীমান্ত ৰে’লৱে এম্প্লয়িজ ইউনিয়নৰ মহিলা শাখাৰ মমবাতি প্ৰজ্বলন

96

গুৱাহাটী: শেহতীয়া ভাবে উত্তৰপ্ৰদেশত এজনী দলিত সম্প্ৰদায়ৰ যুৱতীক ধৰ্ষণ কৰি অতি অমানুষিক ভাবে জিভা কাটি দিয়াৰ ফলত যুৱতী জনীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি দেশৰ সৰ্বত্ৰ দাবী প্ৰতিবাদ উত্থাপিত হৈ থকাৰ সময়তে আজি যুৱতীজনীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ হকে  মহানগৰী মালিগাঁৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱে এম্পপ্লয়িজ ইউনিয়নৰ মহিলা শাখাই মুখ্য কাৰ্যালয়ৰ সন্মুখত মমবাতি জ্বলাই শোক প্রকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মহিলা শাখাৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে সমগ্ৰ দেশ জোকাৰি যোৱা ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে ।