উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে বিজেপি নেতৃত্বই ঘোষণা কৰিছে পুস্কৰ সিং ধামীৰ নাম। শনিবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত পুস্কৰ সিং ধামীৰ হাতত উত্তৰাখণ্ডৰ শাসনৰ বাঘজৰী অৰ্পণ কৰে নেতৃত্বই। ইয়াৰ পিছতে অতি সোণকালে ৰাজ্যখনৰ ১১ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পুস্কৰ সিং ধামীয়ে।
উল্লেখ্য যে, শুকুৰবাৰে নিশা ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিছিল মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে। প্ৰায় ৪ মাহ তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব নিৰ্বাহ কৰাৰ অন্তত বিজেপি নেতৃত্বই এইবাৰ পুস্কৰ সিং ধামীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰায়। শনিবাৰে ডেৰাডুনত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ উপস্থিত থাকে।
