উজান বজাৰ অঞ্চলৰ কেইবাটাও পথ জলমগ্ন পথ পৰিদৰ্শন মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

137

ষ্টাফৰিপৰ্টাৰ, ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ লগতে বুধবাৰে গুৱাহাটী মহানগৰৰ উজান বজাৰ অঞ্চলৰ কেইবাটাও পথ জলমগ্ন কৰি পেলাইছে। সেই অঞ্চলত পাম্পিং ব্যৱস্থাৰ জৰিয়তে পানী নিষ্কাষনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই অঞ্চলত উপস্থিত হৈ বুধবাৰে সামগ্ৰীক পৰিস্থিতিটো পৰ্য্যবেক্ষণ কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটীৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মন্ত্ৰী গৰাকীয়ে সামগ্ৰীক পৰিস্থিতিটো পৰ্য্যবেক্ষণ কৰি
বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।