ষ্টাফৰিপৰ্টাৰ, শ্ৰী শংকৰদেৱ নেত্ৰালয়ত
উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ ছাত্ৰ – ছাত্ৰীৰ বাবে শঙ্কৰদেৱ নেত্ৰালয়ৰ বিনামুলীয়া নাৰ্চিং ডিপ্লোমা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে।
চিকিৎসালয় খনত থকা শ্ৰীমন্ত শঙ্কৰদেৱৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্তিৰে “মিচন ফ’ৰ ভিজন” নামৰ এটা বেচৰকাৰী সংস্থাৰ সহযোগত সম্পূৰ্ণ বিনামূলীয়াকৈ বিজ্ঞান শাখাৰ হায়াৰ চেকেণ্ডেৰী (+২) উত্তীৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ বাবে ” পেৰামেডিকেল অপ্ফথাল্মীক এচিছ্টেণ্ট আৰু নাৰ্চিং ডিপ্লোমা পাঠ্যক্ৰম চলাই থকা হৈছে। এই পাঠ্যক্ৰমৰ ভিতৰত থাকিব- সম্পূৰ্ণ বিনামূলীয়া শিক্ষা বৰ্ষৰ মাছুল, থকা খোৱাৰ খৰচ, ইউনিফৰ্ম আৰু বৃত্তি। বিগত শিক্ষাবৰ্ষত অসমৰ বিভিন্ন প্ৰান্তৰ ৬ ( ছয়) গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীক এই পেৰামেডিকেল পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এইবেলিও উপৰোক্ত বেচৰকাৰী সংস্থাটোৰ সহযোগত ২০ গৰাকী শিক্ষাৰ্থীলৈ এই নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তি আৰম্ভ হ’ব ( ছোৱালী শিক্ষাৰ্থীক প্ৰাধান্য দিয়া হ’ব) ।
এই শিক্ষাবৰ্ষ আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব। ইচ্ছুক শিক্ষাৰ্থীসকলক এই বিনামূলীয়া পেৰামেডিকেল পাঠ্যক্ৰমৰ বাবে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ “একাডেমীক শাখা”ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । অথবা ssnghysecretary@gmail.com ত যোগাযোগ কৰিব পাৰিব । পেৰামেডিকেল পাঠ্যক্ৰমৰ বিনামূলীয়া শিক্ষাপ্ৰদানৰ দায়িত্ব গ্ৰহণ কৰি শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়ে শিক্ষাৰ্থীসকলক এই পাঠ্যক্ৰমৰ জৰিয়তে এজন পেৰামেডিকেল সহকাৰী হিচাপে হিচাপে সমাজত গঢ়ি তুলিবলৈ সক্ষম হোৱাত সহায় কৰিছে।