উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল…

113

সমগ্ৰ অসমত ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ অৰ্থে চৰকাৰে ইতিমধ্যে সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰৰ মাজত সোমাই পৰাৰ আশংকা গভীৰ হৈ পৰিছে।

এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে। আনহাতে এক বিবৃতিযোগে প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰাই দিয়া হব বুলি প্ৰকাশ কৰিছে।