হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰেই আজি আকস্মিকভাৱে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলো।
পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল।
১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।
এইবাৰ কলা শাখাৰ শীৰ্ষস্থান দখল কৰি উজ্বলি উঠিছে কামপুৰৰ সংকল্পজিৎ শইকীয়া। মুঠ ৪৯০ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰা সংকল্পজিত নগাঁৱৰ ৰামানুজন একাডেমীৰ ছাত্ৰ।
ইফালে বিজ্ঞান শাখাৰ শীৰ্ষত উজলিল হাজোৰ ৰামদিয়াৰ নিখিলেশ দত্ত। নিখিলেশে লাভ কৰিছে মুঠ ৪৮৪ নম্বৰ।
আনহাতে, বাণিজ্য শাখাৰ প্ৰথম স্থান দখল কৰিলে দুগৰাকী শিক্ষাৰ্থীয়ে। গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী বৰ্ষা বোথ্ৰা আৰু নগাঁৱৰ মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সুকন্যা কুমাৰে দখল কৰিলে শীৰ্ষ স্থান। দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰিছে মুঠ ৪৭২কৈ নম্বৰ।
জিলাৰ হিচাপত ফলাফল চাবলৈ গ’লে কলা শাখাৰ শীৰ্ষত জিলিকিল ধেমাজি জিলা। ধেমাজিত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯০.৭৪ শতাংশ। কলা শাখাৰ তালিকাৰ শেষত আছে কাৰ্বি আংলং জিলা। কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ৫১.৯৩ শতাংশ।
আনহাতে, বাণিজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা। জিলাখনত এই শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.১৮ শতাংশ। বাণিজ্যৰ তালিকাৰ শেষত আছে ডিমা হাছাও। উত্তীৰ্ণৰ হাৰ ৪৭.৯৫ শতাংশ।
ইফালে, বিজ্ঞানৰ শীৰ্ষত উজলিল বাক্সা জিলা। বিজ্ঞানত ৯৫.৬৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিলে বাক্সা জিলাই। বিজ্ঞান শাখাৰ তালিকাৰ শেষত আছে ডিমা হাছাও। জিলাখনত এই শাখাত উত্তীৰ্ণৰ হাৰ ৫৮.৩৮ শতাংশ।
লক্ষণীয়ভাৱে এইবাৰ শীৰ্ষস্থান দখলৰ ক্ষেত্ৰত এক অনন্য অভিলেখ গঢ়িছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ চেকণ্ডাৰীয়ে।
