উচ্চতৰ মাধ্যমিকত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ’ব ৩৫,৭৭০ খন স্কুটীঃ সিদ্ধান্ত অসম কেবিনেটৰ

206

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰিব অসম চৰকাৰে। সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীক প্ৰোৎসাহিত কৰিবলৈ প্ৰজ্ঞা ভাৰতীৰ অধীনত ড° বাণীকান্ত কাকতি মেৰিট বঁটা হিচাপে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক আৰু ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত স্কুটী বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুঠ ৩৫,৭৭০খন স্কুটী ৩০,২০৩ গৰাকী ছাত্ৰী আৰু ৫,৫৬৭ ছাত্ৰৰ মাজত বিতৰণ কৰা হ’ব। এই আঁচনিৰ বাবে ব্যয় কৰা হৈছে ২৬৯ কোটি টকা।

ইয়াৰ উপৰিও চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিকিৎসা আৰু অভিযান্ত্ৰিক আসনত ৫ শতাংশ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কয় যে ছেবা ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰা ৭ম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও এই শৈক্ষিক সংস্কাৰৰ দ্বাৰা উপকৃত হ’ব।

ইফালে, আগন্তুক দুৰ্গা পূজাৰ বাবে চাহ শ্ৰমিকৰ বাবে ২০ শতাংশ বোনাছৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ আদিবাসী আৰু চাহ শ্ৰমিকক সবলীকৰণৰ লক্ষ্যৰে লোৱা এক পদক্ষেপত মন্ত্ৰীসভাই চৰকাৰী চাকৰিত দুয়োটা সম্প্ৰদায়ৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।